এখনযুদ্ধ_যত_১২৫০০০_ৰো_অধিক_মুছলমান_সৈন্যই_মাত্ৰ_৪২_জনৰ_হাতত_পৰাজিত_হৈছিল
মোৰ বাবে কেচু খান্দোতে সাপ পোৱাৰ দৰে এটি ৰোমাঞ্চকৰ ঘটনা !
মোৰ দৰে (অঞ্জনজ্যোতি বৰুৱা) আপুনিও আমাৰ হিন্দুস্থানত ৰামায়ণ কালৰ ৰাম ৰাৱণৰ যুদ্ধ, মহাভাৰত কালৰ কুৰুক্ষেত্ৰৰ যুদ্ধ ৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ মোদী কালৰ চাৰ্জিকেল ষ্ট্ৰাইক, ডোকলাম, লাডাখৰ যুদ্ধলৈকে বিভিন্ন সৰু ডাঙৰ যুদ্ধৰ কথা শুনিছে।
কিন্তু শেহতীয়া ভাৱে মই এটা সংলাপৰ অৰ্থ বিচাৰিবলৈ গৈ এনে এখন যুদ্ধৰ কথা জানিবলৈ পাই আচৰিত হলো যত মোগল শাসকৰ ১,২৫,০০০ ৰো অধিক মুছলমান সৈন্যই পৰাজিত হৈ ত্ৰাহি মধুসূদন সুৱৰিব লগা হৈছিল মাত্ৰ ৪২ সনাতনী হিন্দু (শিখ পন্থ) ৰ হাতত....
সংলাপটো আছিল বৰ্ডাৰ চিনেমাৰ। চিনেমাখনত যেতিয়া অসংখ্য পাকিস্তানী সেনাই টেংক ৰেজিমেন্ট সহ ভাৰতৰ সীমান্ত পাৰ কৰি অগ্ৰসৰ হোৰাৰ বাৰ্তা সীমান্তত নিয়োজিত ভাৰতীয় সেনাৰ ১২০জন জোৱানৰ এটা সৰু কোম্পানীক শত্ৰুক প্ৰতিৰোধ কৰাৰ নিমিত্তে উৎসাহিত কৰাৰ বাবে মেজৰ কুলদীপ সিং (চানী দেউল) এ অগ্নিবৰ্ষী সংলাপ দিয়াৰ পাছত ইয়াৰ সমৰ্থনত ৰতন সিং (পুনীত ইছাৰ) নামৰ জোৱানজনৰ এটা সংলাপ এনেধৰণৰ আছিল-
#চিড়িয়া_নাল_মেঁ_বাজ_লড়াৱাঁ
#গীদড়াঁ_নু_মেঁ_শ্বেৰ_বনাৱাঁ
#চৱা_লখ_নাল_ইক_লড়াৱাঁ
#তাঁ_গোবিঁন্দ_সিং_নাম_ধৰাৱাঁ
এই সংলাপ টোৰেই অৰ্থ বিচাৰি Google Search কৰি খুছৰিবলৈ গৈ অভিভূত হলো...................... (অঞ্জনজ্যোতি বৰুৱা)
সচাকৈ.............. কিয়নো বিশ্বৰ ইতিহাসৰ এনে এখন যুদ্ধ......... নে আপুনি কেতিয়াবা পঢ়িছে অথবা শুনিছে...... যিখন যুদ্ধত মোগল শাসকৰ ১,২৫,০০০ ৰো অধিক মুছলমান সৈন্যই পৰাজিত হৈ ত্ৰাহি মধুসূদন সুৱৰিব লগা পৰিস্থিতি সৃষ্টি কৰিছল মাত্ৰ ৪২ জন মহাবীৰ শিখ পন্থৰ সনাতনী হিন্দু মহাবীৰে।
এইখন যুদ্ধক #চমকৌৰ_যুদ্ধ (Battle of Chamkaur) নামেৰে জনা যায়, (অঞ্জনজ্যোতি বৰুৱা) যত নিষ্ঠুৰ মুছলমান শাসক ঔৰংজেৱৰ সেনাপতি ৱজীৰ খানৰ ১,২৫,০০০ ৰো অধিক মুছলমান সৈন্যৰে মুখামুখি যুদ্ধ মাত্ৰ ৪২ জন শিখ পন্থৰ সনাতনী হিন্দু মহাবীৰে ইং ৬ ডিচেম্বৰ ১৭০৪ চনত শিখ পন্থৰ দশম গুৰু গোবিন্দ্ সিং জীৰ আজ্ঞানুসাৰি কৰিছিল।সনাতনী হিন্দুক
পৰিণাম এনেধৰণৰ আছিল যে ৪২জন শূৰ বীৰে জয়লাভ কৰিলে আৰু হিন্দুস্থানৰ মুছলমান শাসনৰ সেই কুখ্যাত ইতিহাস, শাসনৰ নামত সনাতনী হিন্দুক শোষণ, অত্যাচাৰ কৰাৰ যি বুনিয়াদ বাবৰৰ দিনৰ পৰা আৰম্ভ কৰিছিল, তাক সম্পূৰ্ণ ৰূপ উভালি পেলালে।
খোদ ঔৰংগজেৱে সেইসময়ত গুৰু গোবিন্দ্ সিং জীৰ এই পৰাক্ৰমৰ আগত নিৰ্লজ্জ ভাৱে আঠু কাঢ়িছিল আৰু ইয়াৰ পৰাই হিন্দুস্থানত এখন এখনকৈ ৰাজ্যত মুছলমান শাসনৰ পতন আৰম্ভনি হৈছিল।
ঔৰংজেৱৰ তৰফৰ পৰা গুৰু গোবিন্দ্ সিং জীলৈ প্ৰশ্ন বাৰ্তা পঠিয়াইছিল যে, আপুনি এইটো কেনেকুৱা ফৌজ তৈয়াৰ কৰিলে মোৰ ১,২৫,০০০ ত কৈও অধিক সৈন্যক সম্পূৰ্ণ ৰূপে উভালি পেলালে ?
তেতিয়া গুৰু গোবিন্দ সিং জীয়ে কৈছিল-
চিড়িয়া নাল মেঁ বাজ লড়াৱাঁ
গীদড়াঁ নু মেঁ শ্বেৰ বনাৱাঁ
চৱা লখ নাল ইক লড়াৱাঁ
তাঁ গোবিঁন্দ সিং না ধৰাৱাঁ
অৰ্থাৎ,
চৰাইৰে মই বাজক যুজাঁও
শগুণক মই বাঘ বনাও
লাখৰ লগত এটাক যুজাঁও
সেয়ে নাম মই গোবিঁন্দ সিং বুলি কওঁঁ
হয়.... গুৰু গোবিন্দ সিং জীয়ে যিদৰে কৈছিল সেইদৰে কৰি দেখুৱাইছিল যাৰ বাবে মই এজন গৰ্বিত সনাতনী হিন্দু হিচাপে (অঞ্জনজ্যোতি বৰুৱা) তেখেতৰ চৰণত শিৰণত ! এই গৌৰৱোজ্জ্বল ইতিহাস এতিয়ালৈকে দেশত কোনো পাঠ্যক্ৰম তেই পঢ়োৱা হোৱা নাই যদিও শেহতীয়াকৈ শিক্ষা নীতিৰ সলনি কৰাৰ বতৰা পোৱা গৈছে।
ইয়াৰ পিছতো হয়তো আপুনি বিশ্বাস নাই কৰা যদি, তেন্তে এবাৰ Google ত Battle of Chamkaur বুলি লিখি Search কৰি চালে আপুনি নিজেই গম পাব।
যদিহে মোৰ এই লিখনিটো আপোনাৰ ভাল লাগিছে আৰু এজন সনাতনী হিন্দু হিচাপে আপুনি গৰ্বিত তেন্তে এই পোষ্টক আপুনিও Share কৰিব পাৰে যাতে এই গৌৰৱশালী ইতিহাসৰ বিষয়ে অসমৰ গৰিষ্ঠ সংখ্যক সনাতনী হিন্দু অৱগত হয় !
ৱাহে গুৰু জী কা খালছা
ৱাহে গুৰু জী কী ফতেহ
এইটো শাশ্বত সত্য হয় ভাৰত হিন্দু ৰাষ্ট্ৰ হয়
- অঞ্জনজ্যোতি বৰুৱা
বি. দ্ৰ.- এজনৰ পোষ্ট পোষ্টকৰ্তা জনৰ নাম উল্লেখ নকৰাকৈ হুবহু অথবা সামান্য সালনি কৰি নিজৰ নামত পোষ্ট কৰা লোকৰ পৰা পৰিত্ৰাণ বিচাৰি এই আভাজনে পোষ্টৰ মূল লিখনিৰ মাজে মাজে নিজৰ নামটো উল্লেখ কৰিছো যাতে চৌৰ্য্যবৃত্তিধাৰী সকলৰ কিছু সমস্যা হয়। ইয়াৰ বাবে সদাশয় পাঠকৰ ওচলত দুঃখিত !
Comments
Post a Comment