পুৰুষ নিৰ্যাতন, পুৰুষ হেল্পলাইন, পুৰুষ সুৰক্ষা আইন আৰু পুৰুষ আয়োগ গঠনৰ দাবী ইত্যাদি বিষয় সম্পৰ্কত

পুৰুষ নিৰ্যাতন, পুৰুষ হেল্পলাইন, পুৰুষ সুৰক্ষা আইন আৰু পুৰুষ আয়োগ গঠনৰ দাবী ইত্যাদি বিষয় সম্পৰ্কত
    
                
আমাৰ দেশত নাৰীক অতি উচ্চ মৰ্যাদা দিয়া হৈছে। নাৰীক এটা পৰিয়ালৰ প্ৰধান চালিকা শক্তি বুলি কোৱা হয় যদিও কিছু মহিলাই নিজৰ বেয়া মনোভাৱৰ বাবে পৰিয়ালটোৰ অৱস্থা নৰকসদৃশ কৰি তোলে। মানুহজনক মানসিকভাৱে ইমানেই অত্যাচাৰ কৰে, যে তেওঁ নিজকে আত্মহত্যাৰ কৰাৰ কথাও ভাবে। 
এনে পৰিস্থিতিত পুৰুষে কি কৰা উচিত? 
পুৰুষৰ বাবেও হেল্পলাইন আছে নেকি? 
কিয় পুৰুষ সুৰক্ষা আইন আৰু পুৰুষ আয়োগ গঠনৰ দাবী উত্থাপন হৈছে? 
কোনখন আইনৰ অধীনত পুৰুষে নিৰ্যাতনৰ গোচৰ ৰুজু কৰিব পাৰে? 
আজি আমি এই পোষ্টটোত এনে সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আহকচোন, আৰম্ভ কৰোঁ-

মানসিক নিৰ্যাতন কি? 

বন্ধুসকল, আগবাঢ়ি যোৱাৰ আগতে আপুনি মানসিক নিৰ্যাতনৰ অৰ্থ সম্পূৰ্ণৰূপে বুজিব লাগিব। এই শব্দটোৰ কোনো সীমিত অৰ্থ নাই, বৰঞ্চ ইয়াৰ বিশদ ব্যাখ্যা আছে। সাধাৰণতে যিকোনো ব্যক্তিয়ে আন এজন ব্যক্তিক মানসিক নিৰ্যাতন কৰিব পাৰে, কিন্তু পুৰুষৰ মানসিক নিৰ্যাতনৰ কথা ক’লে ইয়াৰ অৰ্থ সংশ্লিষ্ট পুৰুষৰ পত্নী বা মহিলাই কৰা মানসিক নিৰ্যাতন বুলি ধৰা হয়। পুৰুষৰ মানসিক নিৰ্যাতনৰ ভিতৰত এনে ধৰণৰ আচৰণ-

●পত্নীৰ দ্বাৰা অন্য লোকৰ সন্মুখত ইতিকিং, উপলুঙা, গুৰুত্ব প্ৰদান নকৰা ইত্যাদি আচৰণ।

●পত্নীৰ দ্বাৰা প্ৰতাৰণা কৰা।

●পত্নীৰ দ্বাৰা অপশব্দ বা গালি-গালাজ ব্যৱহাৰ কৰা।

●পত্নীৰ দ্বাৰা পুৰুষজনৰ আত্মপ্ৰতিষ্ঠাত আঘাট।

●পত্নীয়ে পুৰুষ জনক নিজৰ পৰিয়ালৰ সদস্যক লগ কৰিবলৈ নিদিয়া।

●স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰা।

●পত্নীৰ দ্বাৰা বাৰে বাৰে আত্মহত্যাৰ ভাবুকি।

●বাৰে বাৰে পত্নীয়ে ভুৱা গোচৰত লিপ্ত কৰিবলৈ ভাবুকি দিয়া ইত্যাদি।

●পত্নীৰ দ্বাৰা অন্য পুৰুষৰ লগত প্ৰেম, শাৰিৰীক সম্পৰ্ক।

যদি কোনো পুৰুষৰ পত্নীয়ে ওপৰোক্ত ব্যৱহাৰ কৰি আছে, তেন্তে বুজিব যে পুৰুষজনক মানসিকভাৱে নিৰ্যাতন কৰা হৈছে। বন্ধুসকল, সাধাৰণতে পুৰুষে তেওঁলোকৰ লগত হোৱা মানসিক নিৰ্যাতন প্ৰকাশ নকৰে, যেতিয়ালৈকে পানী মূৰৰ ওপৰলৈ নাযায়। কিন্তু তেওঁৰ মানসিক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই পৰিস্থিতি ভাল বুলি ক’ব নোৱাৰি।

নিৰ্যাতনৰ ক্ষেত্ৰত কোনখন আইনৰ অধীনত পুৰুষক সুৰক্ষা দিয়া হয়? 

বন্ধুসকল, যদি আপুনি ভাৰতত মহিলাক মানসিক নিৰ্যাতনৰ কথা কয় তেন্তে আইন, ঘৰুৱা হিংসা আইন (domestic violence law),   ভাৰতীয় দণ্ডবিধি আইন (IPC), যৌতুক নিষেধাজ্ঞা আইন (dowry act), তথা অপৰাধ প্ৰক্ৰিয়া সংহিতা (CRPC), আদি আইন আছে। 
কিন্তু ইয়াত যিহেতু আমি পুৰুষৰ কথা কৈছোঁ, গতিকে আপোনালোকক কওঁ যে তেওঁলোকক মানসিক নিৰ্যাতনৰ বিৰুদ্ধে আইনী সুৰক্ষা দিয়া হৈছে কেৱল IPC আৰু CRPC আইনৰ ধাৰাত। 

পুৰুষক সহায় কৰিবলৈ  কোনো হেল্পলাইন আছে নেকি?

বন্ধুসকল, যদি আমি পুৰুষৰ মানসিক নিৰ্যাতনৰ সন্দৰ্ভত কোনো চৰকাৰী হেল্পলাইন থকাৰ সম্ভেদ লওঁ, তেন্তে বৰ্তমান আজিৰ তাৰিখলৈ তেনে কোনো হেল্পলাইন নাই, কিন্তু এটা হেল্পলাইনে নিশ্চিতভাৱে পুৰুষক ব্যক্তিগতভাৱে সহায় কৰিবলৈ কাম কৰি আছে। হেল্পলাইন চলাই থকা সংস্থাটোৰ নাম পৰিৱাৰ কল্যাণ সমিতি।

এই সমিতিৰ সৰ্বভাৰতীয় হেল্পলাইন নম্বৰ হৈছে (All India helpline number) 8882498498। হাৰাশাস্তিৰ নাইবা নিৰ্যযাতনৰ বলি হোৱা যিকোনো পুৰুষে এই হেল্পলাইনত ফোন কৰি মানসিক হাৰাশাস্তিৰ সন্দৰ্ভত সহায় বিচাৰিব পাৰে। যৌতুক আৰু ঘৰুৱা হিংসাৰ সৈতে জড়িত ভুৱা গোচৰ, ভৰণ-পোষণ, বিবাহ বিচ্ছেদ, জীৱিকা আৰু শিশুৰ তত্ত্বাৱধানৰ জিম্মা ইত্যাদি বিষয়ত জড়িত গোচৰ সমিতিৰ ‌আগত জনাব পাৰিব। (অঞ্জনজ্যোতি বৰুৱা)

মানসিক নিৰ্যাতনৰ বলি হোৱা পুৰুষসকলৰৰ দাবী কি? 

বন্ধুসকল, আপোনালোকক জনাও যে মানসিক নিৰ্যাতনৰ বলি হোৱা পুৰুষৰ সংখ্যা দৈনিক ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।  মহিলাসকলে নিজৰ অধিকাৰৰ প্ৰতি সচেতন হোৱাৰ উপৰিও কিছুসংখ্যক মহিলা পুৰুষৰ প্ৰতিও আগ্ৰাসন তথা আক্ৰমণত্মক হোৱাৰ অলেখ উদাহৰণ সঘনাই দেখা যায়। এনে পৰিস্থিতিত পত্নীৰ দ্বাৰা উৎপীড়ীত আৰু নিৰ্যাতনৰ বলি হোৱা পুৰুষসকলে মহিলা আয়োগৰ নিচিনাকৈ পুৰুষৰ বাবে সুকীয়া আয়োগ গঠন কৰিবলৈ কেইবছৰমানৰ পৰা দাবী জনাই আহিছে।

তেওঁলোকৰ মতে চৰকাৰে দাবীসমূহ গুৰুত্ব সহকাৰে লব লাগ, তেন্তে তেওঁলোকৰ দাবী অনুসৰি পুৰুষ আয়োগ (men commission) আৰু পুৰুষৰ বাবে সুকীয়া মন্ত্ৰালয় (seperate ministry)গঠন কৰিব লাগে, লিংগ বৈষম্যৰ আইন বিলুপ্ত কৰিব লাগেে, পাৰিবাৰিক বিষয়ত সময় নিৰ্ধাৰিত ব্যৱস্থা গ্ৰহণ (time bound action) আইন আনিব লাাগে আৰু পাৰিবাৰিক বিষয়ত ভুৱা গোচৰ  (false cases) ৰুজু কৰা সকলৰ বাবে কঠোৰতম শাস্তি আদি ব্যৱস্থাৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰিছে। (অঞ্জনজ্যোতি বৰুৱা)

মহিলাৰ বাবে ৪৮ খন আইন আছে, পুৰুষৰ বাবে কিয় এখনো নাই ?

বন্ধুসকল, আপোনালোকক কওঁ যে অৱশ্যেই আমাৰ দেশত নিৰ্যাতিত কৰা মহিলাৰ সংখ্যা বেছি, ঠিক সেইদৰে নিৰ্যাতনৰ বলি পুৰুষৰ সংখ্যাও কম নহয়। পুৰুষৰ অধিকাৰ বিচৰা কৰ্মীসকলৰ মতে "মহিলাৰ বাবে মুঠ ৪৮খন আইন আছে, কিন্তু পুৰুষৰ বাবে কোনো আইন নাই, যাৰ ফলত তেওঁলোকৰ প্ৰতি বৈষম্য কৰা হৈছে। সেয়েহে  বহু ক্ষেত্ৰত মহিলাসকলে সুবিধা বহু ক্ষেত্ৰত  গ্ৰহণ কৰিছে। এই আইনসমূহৰ সুবিধা লৈ কেৱল স্বামীয়েই নহয় পৰিয়ালৰ লোককো নিৰ্যাতন কৰি আহিছে। এনে প্ৰবৃত্তিৰ বাবে এতিয়ালৈকে বহু পুৰুষে আত্মহত্যা পৰ্যন্ত কৰিবলৈ বাধ্য হৈছে।

নাৰী নিৰ্যাতনৰ বিষয়টো বিভিন্ন মাধ্যমৰ যোগেদি বহুতো উত্থাপন হৈছে, ঠিক সেইদৰে পুৰুষৰ হাৰাশাস্তিৰ ওপৰতো কোনো কথাছবি/তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছেনে? 

বন্ধুসকল, আপোনালোকক জনাওঁ যে প্ৰতি বছৰে ১৯ নৱেম্বৰত আন্তঃৰাষ্ট্ৰীয় পুৰুষ দিৱস পালন কৰা হয়। আজিৰ দিনটোত বহুতে পুৰুষৰ অধিকাৰৰ কথাও কয়, কিন্তু তেওঁলোকৰ বাবেও নাৰী আইনৰ দৰে সুৰক্ষা আইন প্ৰণয়নৰ বাবে কোনো সুনিৰ্দিষ্ট পদক্ষেপ লোৱা দেখা নাযায়। প্ৰায়েই নাৰী নিৰ্যাতনৰ বিষয়টো প্ৰতিটো মঞ্চৰ পৰাই জোৰেৰে উত্থাপন কৰা হয় যদিও সাধাৰণতে পুৰুষ  নিৰ্যাতন সম্পৰ্কে কোনোো কথা কোৱা নহয়। (অঞ্জনজ্যোতি বৰুৱা)

বন্ধুসকল, আপোনালোকক কওঁ যে পুৰুষৰ অধিকাৰৰ বাবে কাম কৰা এগৰাকী কৰ্মী দীপিকা নাৰায়ণ ভৰদ্বাজে পত্নীৰ হাতত নিৰ্যাতিত পুৰুষৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। এই তথ্যচিত্ৰখনৰ নাম হৈছে Martyrs of marriage। ইয়াত এনে পুৰুষৰ কাহিনী কোৱা হৈছে যিসকলে মিছা গোচৰত জড়িত হোৱাৰ পিছত প্ৰতিপত্তি নোহোৱাকৈ জীয়াই থকাৰ পৰিৱৰ্তে আত্মহত্যা কৰাটো উপযুক্ত বুলি ভাবিছিল। বেছিভাগৰে মৃত্যুৰ কাৰণ ক’ৰবাত নিৰ্যাতনৰ সৈতে জড়িত আছিল, যাৰ বাবে তেওঁলোকে যথেষ্ট মানসিক চাপ অনুভৱ কৰিছিল।

আমাৰ দেশত পুৰুষৰ মানসিক নিৰ্যাতনৰ বৰ্তমান অৱস্থা কি? 

আমি সদায় বিশ্বাস কৰি আহিছো যে এজন মানুহ শক্তিশালী। তেওঁ কেতিয়াও এগৰাকী নাৰীৰ হিংসাৰ বলি হ’ব নোৱাৰে। যদি আপুনিও একে ধৰণে বিশ্বাস কৰে, তেন্তে আপোনাৰ চিন্তাধাৰা শুধৰোৱাৰ অতি প্ৰয়োজন। (অঞ্জনজ্যোতি বৰুৱা)

১০০০ জনৰ ভিতৰত প্ৰায় ৫১.৫ শতাংশ পুৰুষে জীৱনত এবাৰ হ’লেও পত্নী বা সংগীৰ হাতত হিংসাৰ সন্মুখীন হৈছে। পুৰুষৰ বিৰুদ্ধে মহিলাৰ শাৰীৰিক হিংসাৰ শতকৰা হাৰ মাত্ৰ ৬% হ’লেও পুৰুষৰ বিৰুদ্ধে আৱেগিক হিংসাৰ শতকৰা হাৰ ৪৫.৫%, যিটো অতি দুখজনক। সেইবাবেই পুৰুষৰ মানসিক নিৰ্যাতনৰ বিষয়ত এতিয়া গুৰুত্বসহকাৰে চৰ্চা চলিছে।
বন্ধুসকল, আৰু এটা কথা কওঁ যে বিবাহিত পুৰুষে মহিলাতকৈ আত্মহত্যাৰ পথ বেছিকৈ লৈছে, যাৰ পৰা বুজা যায় যে মহিলাতকৈ পুৰুষৰ মানসিক চাপ বেছি। সেইবাবেই আজিকালি পুৰুষে নিজৰ অধিকাৰৰ বাবে মাত মাতিছে। তেওঁলোকে বিচাৰে যে আইনসমূহ লিংগ নিৰপেক্ষ হওক। মহিলাসকলে তেওঁলোকৰ বাবে নিৰ্মিত আইনৰ অপব্যৱহাৰ কৰা উচিত নহয়।

পুৰুষৰ বাবে সুৰক্ষা আইনৰ অভাৱ কিয়?

নাৰীৰ তুলনাত পুৰুষক শক্তিশালী বুলি সকলোৱে কয়। ওপৰাওপৰিকৈ ভবাৰ বাবে এনে পৰিস্থিতিত পুৰুষৰ সুৰক্ষাৰ বাবে আইনৰ অভাৱ।

বন্ধুসকল, আমি এই পোষ্টটোত আপোনালোকক জনালো যে পুৰুষ সুৰক্ষা আইন আৰু পুৰুষ আয়োগ গঠনৰ দাবী কিয় উত্থাপন হৈছে? কোনখন আইনৰ অধীনত পুৰুষে মানসিক নিৰ্যাতনৰ গোচৰ ৰুজু কৰিব পাৰে? পুৰুষৰ বাবে হেল্পলাইন আছে নেকি? আশাকৰোঁ এই তথ্যই পুৰুষৰ নিৰ্যাতনৰ বিষয়টোৰ ওপৰত কিছু আলোকপাত কৰিব। যদি আপুনি বা কোনো বন্ধু  নিৰ্যাতনৰ বলি হয়, তেন্তে তেওঁলোকক অভিযোগ দাখিল কৰিবলৈ উৎসাহিত কৰক। এই পোষ্টটোৰ সন্দৰ্ভত যিকোনো ধৰণৰ পৰামৰ্শ বা মতামত আমি আদৰণি জনাইছো। ..ধন্যবাদ..

-অঞ্জনজ্যোতি বৰুৱা

যদিহে আপুনি সহমত তেন্তে তলৰ linkত গৈ like, comment, share কৰক 

https://m.facebook.com/story.php?story_fbid=pfbid02xqBrkoUqz9AdFsLf56pGMC53UVFiSYRXLD1h2jdHCDYW7dhQBYtWCf1jYfYBcXYMl&id=100008441381487&mibextid=Nif5oz

Comments

Popular posts from this blog

দেশ ডাঙৰ হয় নে ধৰ্ম ডাঙৰ?

হিন্দুস্থানে সুধিছে ?